Your channel viewers will see links here, including "subscribe" and "add as friend".
Profile
Name
Kundan Barman
Description
I am Kundan Barman. 👉Passionate content creator from Assam, exploring the vibrant world of YouTube. Sharing the beauty of Assamese and Indian culture, traditions, and more. Join me on this exciting journey as we celebrate our roots and create a positive online community!!! 👈
👉স্বভিমানী অসমৰ স্বভিমানী অসমীয়া👈
👉শ্রী কুন্দন বৰ্মন👈
✊✊✊জয় আই অসম✊✊✊
👉স্বভিমানী অসমৰ স্বভিমানী অসমীয়া👈
👉শ্রী কুন্দন বৰ্মন👈
✊✊✊জয় আই অসম✊✊✊
Subscribers
440
Subscriptions
Recent Activity
|
Kundan Barman
A𝘳𝘮𝘦𝘥 𝘍𝘰𝘳𝘤𝘦𝘴 𝘚𝘱𝘦𝘤𝘪𝘢𝘭 𝘗𝘰𝘸𝘦𝘳𝘴 𝘈𝘤𝘵 (𝘈𝘍𝘚𝘗𝘈)
১৯৫৮ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বুকুত জাপি দিয়া সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (𝘈𝘍𝘚𝘗𝘈) ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক ক’লা অধ্যায়। নিৰাপত্তাৰ দোহাই দি দশক দশক ধৰি সাধাৰণ নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰা এই দমনমূলক আইনখন অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সম্পূৰ্ণৰূপে বাতিল কৰিবই লাগিব।
𝘈𝘍𝘚𝘗𝘈 নো কি আৰু ই কিয় ইমান ভয়ংকৰ?
১৯৫৮ চনত প্ৰণয়ন কৰা 𝘈𝘳𝘮𝘦𝘥 𝘍𝘰𝘳𝘤𝘦𝘴 𝘚𝘱𝘦𝘤𝘪𝘢𝘭 𝘗𝘰𝘸𝘦𝘳𝘴 𝘈𝘤𝘵 চমুকৈ 𝘈𝘍𝘚𝘗𝘈 হ’ল এনে এখন বিতৰ্কিত আইন, যিয়ে কোনো অঞ্চলক "অশান্ত অঞ্চল" (𝘋𝘪𝘴𝘵𝘶𝘳𝘣𝘦𝘥 𝘈𝘳𝘦𝘢) ঘোষণা কৰি তাত সশস্ত্ৰ বাহিনীক একচেটিয়া ক্ষমতা প্ৰদান কৰে:
ধাৰা ৪ (𝘚𝘦𝘤𝘵𝘪𝘰𝘯 4): এই ধাৰাই সেনা বাহিনীক কেৱল সন্দেহৰ ভিত্তিত যিকোনো ব্যক্তিক গুলীওৱাৰ (আনকি মৃত্যু পৰ্যন্ত), বিনা ৱাৰেণ্টত গ্ৰেপ্তাৰ কৰাৰ আৰু যিকোনো বাসগৃহত তালাচী চলোৱাৰ অসীম ক্ষমতা দিয়ে।
ধাৰা ৬ (𝘚𝘦𝘤𝘵𝘪𝘰𝘯 6): এই ধাৰাই সেনা জোৱানক সম্পূৰ্ণ আইনী ৰক্ষাকবচ (𝘓𝘦𝘨𝘢𝘭 𝘐𝘮𝘮𝘶𝘯𝘪𝘵𝘺) দিয়ে, যাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বানুমতি অবিহনে দোষীৰ বিৰুদ্ধে সাধাৰণ আদালতত কোনো গোচৰ তৰিব নোৱাৰি।
ইতিহাসত এই আইনৰ ভয়াৱহ অপব্যৱহাৰৰ উদাহৰণ:
নাগালেণ্ডৰ অ’টিং কাণ্ড (২০২১): মন জিলাৰ অ’টিঙত কয়লা খনিৰ পৰা ঘৰলৈ উভতি অহা ১৪ জন নিৰীহ শ্ৰমিকক উগ্ৰপন্থী বুলি ভুল কৰি নিৰ্বিচাৰে গুলীয়াই হত্যা কৰা হ'ল, কিন্তু ধাৰা ৬-ৰ বাবে দোষীয়ে আইনী ৰক্ষাকবচ পালে।
মণিপুৰৰ মালােম (২০০০) আৰু মনোৰমা কাণ্ড (২০০৪): মালােমত ১০ জন নিৰীহ নাগৰিকৰ হত্যাকাণ্ড, থাংজাম মনোৰমাৰ নিৰ্মম হত্যা আৰু মণিপুৰৰ ১,৫২৮ টা ভুৱা সংঘৰ্ষৰ গোচৰে এই আইনৰ নিষ্ঠুৰ মুখখন উদঙাই দিছে।
অসমৰ ভুক্তভোগী ইতিহাস: নব্বৈৰ দশকত অসমৰ গাঁৱে-ভূঁঞে উগ্ৰপন্থী বিৰোধী অভিযানৰ নামত সাধাৰণ নিৰীহ মানুহৰ ওপৰত চলা অমানুষিক নিৰ্যাতন আৰু ভুৱা সংঘৰ্ষত হেৰুওৱা নিৰীহ যুৱকৰ ঘাঁ আজিও শুকোৱা নাই।
২০০৫ চনত কেন্দ্ৰীয় চৰকাৰে নিজে গঠন কৰি দিয়া ন্যায়াধীশ জীৱন ৰেড্ডী আয়োগেও স্পষ্টকৈ কৈছিল যে 𝘈𝘍𝘚𝘗𝘈 হ’ল "দমন, বৈষম্য আৰু স্বেচ্ছাচাৰিতাৰ প্ৰতীক" আৰু এই আইনখন সম্পূৰ্ণৰূপে বাতিল কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিছিল।
য’ত নাগৰিকৰ জীয়াই থকাৰ মৌলিক অধিকাৰ (𝘈𝘳𝘵𝘪𝘤𝘭𝘦 21) কেৱল সন্দেহৰ নামত কাঢ়ি নিয়া হয় আৰু মানৱাধিকাৰ উলংঘনৰ পিছতো দোষীয়ে ৰক্ষাকবচ পায়, তাত গণতন্ত্ৰ থাকিব নোৱাৰে। উত্তৰ-পূৰ্বাঞ্চলৰ জনতা দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয়। আমাক বন্দুকৰ শাসন নহয়, সংবিধানপ্ৰদত্ত সম্পূৰ্ণ অধিকাৰ আৰু ন্যায় লাগে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা 𝘈𝘍𝘚𝘗𝘈 শীঘ্ৰে সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰক।
|
||
|
Kundan Barman
|
||
|
Kundan Barman
অপেক্ষাৰ আকাশখনত তুমি একপ্ৰকাৰ পপিয়া তৰাৰ দৰেই নামি আহিলা, পোহৰৰ এটা আচৰিত ঢৌ তুলি। মোৰ হৃদয়ৰ নিসংগ চোতালখনত তোমাৰ বুকুৰ সমস্ত মৰম এবাৰ বৰষুণৰ দৰে সৰি পৰিবলৈ দিয়া, য'ত কোনো আৱৰণ নাথাকে, থাকে মাথোঁ দুখন নিভাজ হৃদয়ৰ একাত্মতা।
✍️ শ্ৰী কুন্দন বৰ্মন।
|
||
|
Kundan Barman
এই ঈদে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধিৰ বতৰা। সমূহ ইছলাম ধৰ্মাৱলম্বী ৰাইজ তথা অসমবাসীলৈ ঈদৰ শুভেচ্ছা জনালোঁ 🙏
|
||
Friends
Channel Comments
|
jinuskitchen4422
(10 months ago)
|
|
DOLI_LIFESTYLE_VLOGS
(1 year ago)
|
|
Rukmo2021AA
(1 year ago)
|
|
ratanborah3154
(1 year ago)
good
|
Add comment






